23/08/2022
এওঁৰ নাম *“মনিচ”*, অতি নম্ৰ ভদ্ৰ এজন চুলি কটা যুৱক, ঘৰ তেওঁৰ বিহাৰত, মই কিছুদিন আগত চুলি কাটোতে চিনাকি হ’লো। মই সাধাৰণতে যি ঠাইত চুলি কাটো তাত এদিন বন্ধ থকা বাবে মোৰ পত্নীয়ে মোক এই পাৰ্লাৰ খনলৈ লৈ গৈছিল, সিদিনা সি তাৰ যিবোৰ গুণ প্ৰদৰ্শন কৰিলে সেয়া আচৰ্য্যজনক। অতি সুন্দৰ কৌশলেৰে চুলি কাটিলে সি, যিহেতু মই বিভিন্ন ব্যক্তিৰ সৈতে বিভিন্ন বিষয় সাঙুৰী কথা পাতি ভালপাওঁ সেয়ে চুলি কাটি থকা সময়ত এক মিনিটো এনেই বহি নাথাকি মনিচৰ লগত বিভিন্ন কথা পাতিলো। আৰু চুলি কাটি থাকোতে সি যিবোৰ কথা ক’লে সেয়া শুনি তাৰপ্ৰতি হৃদয় ভৰি সন্মান উন্মাদ হ’ল। সি জনালে যে সি পূজাৰ সময়ত গুৱাহাটীৰপৰা বিহাৰলৈ চিৰদিনৰ বাবে গুচি যাবগৈ, কাৰণ তাৰ গৃহ বিভাগত চাকৰি হব। জানিব পাৰিলো মনিচ এজন উচ্চ শিক্ষিত যুৱক, সি কিছুদিন আগত বিহাৰ চৰকাৰে অনুষ্ঠিত কৰা চাকৰিৰ সাক্ষাৎকাৰত উত্তীৰ্ণ হৈছে। আৰু পূজাৰ সময়ত তাৰ চাকৰিত যোগদান আছে।
তাৰ পৰা বহু আমোদজনক কথাই শুনিলো,
কিন্তু কি শিকিলো সেয়া আপোনালোকক জনাওঁ -
• মনিচে শিক্ষা থকাৰ পিছতো চাকৰি পাম বুলি ঘৰত বহি থকা নাছিল, তাৰ চিনাকি একে ঠাইৰে কোনো ব্যক্তিৰ লগত গুৱাহাটীলৈ আহি চুলি কটাৰ কৌশল আয়ত্ব কৰি প্ৰথমে লোকৰ পাৰ্লাৰত দৰ্মহাত কাম কৰি পিছত নিজাকৈ পাৰ্লাৰ খুলিবলৈ সাহস কৰিলে।
• দিনটো পাৰ্লাৰত কাম কৰাৰ মাজতে সি সময় পালেই চাকৰিত প্ৰয়োজন হব পৰা সকলো কিতাপ পঢ়া-শুনা কৰি চাকৰিৰ পৰীক্ষাত বহি উত্তীৰ্ণ হ’ল।
• অত্যন্ত নম্ৰ ভদ্ৰ ব্যৱহাৰ হোৱাৰ বাবেই সি তাৰ পাৰ্লাৰ থকা অঞ্চলটোৰ সকলোৰে মৰমৰ আৰু সি যাবগৈ বুলি সকলোৰে দুখ এতিয়া।
• এই আটাইবোৰ কথাৰপৰা আমিবোৰে বহুত শিকিবলগীয়া আছে। এনেই সময়বোৰ অপচয় নকৰি নিয়াৰিকৈ কৰ্মত লীপ্ত হব লাগে। আৰু উচিত সময়ত উচিত কাম কৰি আগুৱাই যাব লাগে। আমি সকলোৱে নম্ৰ - ভদ্ৰ গুণৰ অধিকাৰী হব লাগে তেতিয়া মনিচক সকলোৱে মৰম আদৰ কৰাৰ দৰে আমাকো সকলোৱে আপোন ভাবিব আৰু আদৰ সাদৰ কৰিব।
মনিচৰ সফলতা কামনা কৰোঁ।
আৰু এইখিনি কথাই আমাৰ উঠি অহা প্ৰজন্মক কিছু কথা শিকাব বুলি বিশ্বাস ৰাখিলো।
সদৌতিকে ধন্যবাদ্
ধ্ৰুৱজ্যোতি কলিতা
#অসমশক্তি #উঈইণ্ডিয়া #অসমশক্তিহেল্পলাইন9435000154