09/08/2026
কিন্তু বাস্তৱিকতে এই চাঞ্চল্যকৰ খবৰটোৰ আঁৰৰ সত্যটো কি? সঁচাকৈয়ে কোনো মানুহে ইমান ধন খৰচ কৰি নিজৰ শৰীৰ কুকুৰলৈ ৰূপান্তৰ কৰাটো সম্ভৱনে?
ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমৰ নামত ডিজিটেল প্লেটফৰ্মসমূহত ভিউজ আৰু ক্লিকেবিলিটিৰ প্ৰতিযোগিতা কি পৰ্যায়লৈ অধোগামী হৈছে, তাৰ এক জ্বলন্ত উদাহৰণ হৈ পৰে শেহতীয়া এক ভাইৰেল খবৰ। একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু নামধাৰী অনলাইন সংবাদ মাধ্যমে অতি মুখৰোচকভাৱে এক বাতৰি পৰিৱেশন কৰিলে— "২২০ কোটি টকা খৰচ কৰি এজন মানুহ ৰূপান্তৰিত হ’ল কুকুৰলৈ!" প্ৰথম দৃষ্টিত যিকোনো সচেতন পাঠকেই এই বাতৰিটোক কোনো বৈজ্ঞানিক কল্পকাহিনী বা হাঁহিয়াত্ৰাৰ খোৰাক বুলি ভাবিব, কিন্তু সংবাদ মাধ্যমৰ একাংশই ইয়াক এনেভাৱে দাঙি ধৰিলে যেন এয়া এক অবিশ্বাস্য সত্য।
কিন্তু বাস্তৱিকতে এই চাঞ্চল্যকৰ খবৰটোৰ আঁৰৰ সত্যটো কি? সঁচাকৈয়ে কোনো মানুহে ইমান ধন খৰচ কৰি নিজৰ শৰীৰ কুকুৰলৈ ৰূপান্তৰ কৰাটো সম্ভৱনে?
নহয়, অংক আৰু তথ্যৰ নামত এই বাতৰিটো আছিল এক সম্পূৰ্ণ বিভ্ৰান্তিকৰ আৰু ভুৱা পৰিৱেশন। পোহৰলৈ অহা প্ৰকৃত তথ্য অনুসৰি, জাপানৰ ‘টোকো’ (Toco) নামৰ এজন ব্যক্তিয়ে সৰুৰে পৰা কুকুৰৰ জীৱনশৈলী অনুভৱ কৰাৰ এক আচহুৱা সপোন পুহি ৰাখিছিল। কিন্তু তাৰ বাবে তেওঁ কোনো ধৰণৰ প্লাষ্টিক চাৰ্জাৰী বা চিকিৎসা বিজ্ঞানৰ জটিল অস্ত্ৰোপচাৰৰ আশ্ৰয় লোৱা নাছিল। অৰ্থাৎ, তেওঁ মানুহৰ পৰা জৈৱিকভাৱে কুকুৰলৈ ৰূপান্তৰিত হোৱা নাই।
টোকো নামৰ জাপানী ব্যক্তিজনে কেৱল ‘জেপেট’ (Zeppet) নামৰ এটা বিশেষ শ্বুট আৰু কষ্টিউম বনোৱা কোম্পানীক এটা বিশেষ অৰ্ডাৰ দিছিল। কোম্পানীটোৱে ছাল আৰু নোমৰ নিখুঁত সংমিশ্ৰণেৰে অতি বাস্তৱসন্মতভাৱে 'কোলী' (Collie) প্ৰজাতিৰ কুকুৰৰ দৰে দেখাকৈ এটা বিশেষ পোছাক (Costume) প্ৰস্তুত কৰি উলিয়াইছিল। এই পোছাকযোৰ পিন্ধাৰ পিছত এজন মানুহক বাহিৰৰ পৰা দেখাত এটা প্ৰকাণ্ড কুকুৰৰ দৰেই লাগে।
এতিয়া প্ৰশ্ন হয়, ২২০ কোটি টকাৰ অংকটো ক’ৰ পৰা আহিল?
বাস্তৱত এই বিশেষ কুকুৰৰ পোছাকযোৰ প্ৰস্তুত কৰোঁতে খৰচ হৈছিল প্ৰায় ২০ লাখ জাপানী য়েন (Yen)। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ মূল্য প্ৰায় ১১ৰ পৰা ১২ লাখ টকা। ২০ লাখ য়েনৰ এই অংকটোক অতিৰঞ্জিত কৰি আৰু সংবেদনশীলতা বৃদ্ধি কৰাৰ হীন উদ্দেশ্যৰে একাংশ ছ’চিয়েল মিডিয়া পেজ আৰু অনভিজ্ঞ সংবাদ মাধ্যমে "২২০ কোটি টকা" বুলি অপপ্ৰচাৰ চলালে। য়েন আৰু টকাৰ বিনিময় মূল্যৰ সামান্যতম জ্ঞান নথকাৰ দৰে দায়িত্বজ্ঞানহীন আচৰণ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হ’ল।
ভিউ আৰু লাইকৰ সোঁতত উটি গৈ এনেধৰণৰ ভিত্তিহীন খবৰ বাতৰি হিচাপে প্ৰকাশ কৰা কাৰ্যই বৰ্তমানৰ ডিজিটেল সাংবাদিকতাৰ মানদণ্ডক লৈ ডাঙৰ প্ৰশ্নচিহ্নিয়াঁ থিয় কৰাইছে। বস্তুনিষ্ঠতা আৰু সত্যতা পৰীক্ষা (Fact Check) নকৰাকৈ কেৱল চমক সৃষ্টিৰ বাবে এনে বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰাৰ বাবে এতিয়া সচেতন ৰাইজৰ তীব্ৰ ক্ষোভ আৰু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে এনে সংবাদ মাধ্যমসমূহ।
সত্যক ফাদিল কৰি তথ্য চালজাৰি কৰাটো প্ৰতিটো দায়িত্বশীল সংবাদ মাধ্যমৰ প্ৰথম কৰ্তব্য। সামাজিক মাধ্যমত ভাইৰেল হোৱা প্ৰতিটো চমকপ্ৰদ খবৰ চকু মুদি বিশ্বাস কৰাৰ পৰিৱৰ্তে জনসাধাৰণেও ইয়াৰ সত্যতা পৰীক্ষা কৰাটো বৰ্তমান সময়ত অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।