27/06/2026
#বেছিকৈ_পঢ়ক
#বেছিকৈ_কিনক
Barnaবৰ্ণ
#মেক_আছাম_ৰীড_এগেইন (২)
পঢ়াৰ বাবে ধূপ- ধুনা জ্বলাই পঢ়া মেজত বহাৰ প্ৰয়োজন নাই ৷
নিৰ্জন দুপৰীয়া খিৰিকীমুখত বহি পঢ়াৰ আমেজ লোৱাৰো দৰকাৰ নাই ৷
সময় পালে পঢ়িম বুলি বেগত কিতাপ কঢ়িয়াই ফুৰিবও নালাগে ৷
ৰাস্তাই ঘাটে পঢ়ক ৷ বজাৰে সমাৰে পঢ়ক ৷ কিনিবলৈ লোৱা পেকেটটোৰ , বটলটোৰ লেবেলখন সকলোতকৈ আগত পঢ়ক ৷
সমগ্ৰ ভাৰতক গ্ৰাস কৰি আনিছে এক নীৰৱ মহামাৰীয়ে ৷ এই মহামাৰীৰ পৰা নিজক বচাই ৰাখিবৰ বাবেই আপুনি পঢ়াটো জৰুৰী হৈ পৰিছে ৷ কিয় ? জানিবলৈ শেষলৈকে পঢ়িব ৷
২০২৬ৰ আৰম্ভনিতে প্ৰকাশ পাইছে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক সমীক্ষা ৷ এই সমীক্ষাত ভাৰতৰ স্বাস্থ্যখণ্ডৰ প্ৰধান প্ৰত্যাহ্বান হিচাপে চিহ্নিত কৰা হৈছে এবিধ বিশেষ মহামাৰীক ৷
ভাৰতৰ নতুন মহামাৰী – মেদবহুলতা অৰ্থাৎ অবেচিটী ৷
কি চহৰ , কি গাওঁ , কি পুৰুষ , কি মহিলা – সকলো ক্ৰমাৎ আক্ৰান্ত হৈছে এই মেদবহুলতাত ৷ মেদবহুলতাই দেশৰ জনতাৰ স্বাস্থ্য ভংগুৰ কৰি তোলাই নহয় , এখন বিশাল দেশক ৰোগাক্ৰান্ত কৰি তোলাৰ দিশত অগ্ৰসৰ হৈছে ৷
শেহতীয়া ৰাষ্ট্ৰীয় স্বাস্থ্য সমীক্ষা অনুসৰি - ভাৰতৰ ৩০.৭ শতাংশ মহিলা মেদবহুলতাত আক্ৰান্ত ৷ দেশৰ ২৭.৩ শতাংশ পুৰুষ মেদবহুলতাত আক্ৰান্ত ৷
এই মহামাৰীৰ পৰা বাদ পৰি যোৱা নাই শিশুসকলো ৷ ২০৩০ লৈ দেশৰ ২৭ মিলিয়ন শিশু আক্ৰান্ত হ’ব মেদবহুলতাত ৷
মেদবহুতাৰ বাবে ইতিমধ্যে ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে হৃদৰোগ , ডায়েবেটিছ , মানসিক সমস্যা আদি ৷ শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বিয়ে কেৱল স্বাস্থ্যৰেই ক্ষতি কৰা নহয় , অৰ্থনৈতিক অৱস্থাও সংকটৰ দিশে ঠেলি দিছে ৷ অৰ্থনৈতিক সমীক্ষাত তাৰ ওপৰতো আলোকপাত কৰা হৈছে ৷
কিয় ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে মেদবহুল লোকৰ সংখ্যা ? ইয়াৰ প্ৰধান কাৰণ হিচাপে অৰ্থনৈতিক সমীক্ষাত কেৱল এবিধ খাদ্য সামগ্ৰীৰ নাম উল্লেখ কৰা হৈছে ৷ সেয়া হৈছে - আলট্ৰা প্ৰচেছড ফুড ৷
আলট্ৰা প্ৰচেছড ফুডক অসমীয়াত কি বুলি কোৱা হয় , সেয়া সম্ভৱত: এতিয়াও নিৰ্ধাৰণ হোৱা নাই ৷ কিন্তু সহজ ভাষাত আলট্ৰা প্ৰচেছড ফুড হৈছে অত্যাধিক চৰ্বি , চেনি আৰু নিমখযুক্ত খাদ্য ৷ য’ত প্ৰ’টিন , ভিটামিন আৰু মিনাৰেল প্ৰায় নাথাকেই ৷
উদাহৰণস্বৰূপে , বজাৰত সততে পোৱা চিপছ , ক’ল্ডড্ৰিংছ , কেক , পেষ্ট্ৰী , চফট ড্ৰিংকছ , . ফ্ৰ’জেন মীট , ৰেডি মেড নুডলছ , বিভিন্ন প্ৰকাৰৰ ফ্লেকছ আদি আলট্ৰা প্ৰচেছড ফুডৰ অন্তৰ্ভুক্ত ৷
এই ধৰণৰ আলট্ৰা প্ৰচেছড ফুডৰ পয়োভৰ আমাৰ ঘৰবোৰত যিমানেই বাঢ়িছে সিমানেই মেদবহুলতাৰ মহামাৰীও দ্ৰুততাৰে বিয়পি পৰিছে ৷
২০০৯ ত ভাৰতত আলট্ৰা প্ৰচেছড ফুড বিক্ৰী হৈছিল ০.৯ বিলিয়ন ডলাৰৰ ৷ ২০১৯ ত দেশত আলট্ৰা প্ৰচেছড ফুড বিক্ৰী হৈছে ৩৮ বিলিয়ন ডলাৰৰ ৷ বিগত ১০ বছৰত ভাৰতত আলট্ৰা প্ৰচেছড ফুডৰ বিক্ৰী ১৫০ শতাংশ বৃদ্ধি ৷
তাৰ পৰিণাম দেখা গৈছে দেশবাসীৰ স্বাস্থ্যত ৷
২০০৫ ত ভাৰতৰ মেদবহুল মহিলাৰ সংখ্যা আছিল ১২.৬ শতাংশ ৷ ২০২৩ ত মেদবহুল মহিলাৰ সংখ্যা বাঢ়িল ৩০.৭ শতাংশলৈ ৷
একেদৰে , ২০০৫ ত দেশত মেদবহুল পুৰুষৰ সংখ্যা আছিল ৯.৩ শতাংশ ৷ ২০২৩ ত ভাৰতত মেদবহুল পুৰুষৰ সংখ্যা হ’ল ২৭.৩ শতাংশ ৷
তথ্যই প্ৰমাণ কৰি দিয়ে যে যিমানেই আলট্ৰা প্ৰচেছড ফুডৰ বিক্ৰী বাঢ়িছে , সিমানেই মেদবহুলতাও বাঢ়িছে ৷
আলট্ৰা প্ৰচেছড ফুডৰ পয়োভৰ ভাৰতৰ ৰুগ্ন স্বাস্থ্যৰ বাবে কিদৰে প্ৰত্যাহ্বান হৈ উঠিছে , তাৰ বিশদ আলোচনা কৰা হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ এক প্ৰতিবেদনত ৷এই প্ৰতিবেদন অনুসৰি , ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা আলট্ৰা প্ৰচেছড ফুড হৈছে ব্ৰেকফাষ্ট কেৰলছ ৷ তাৰ পাছতেই ৰেডি মেড ফুড , নিমখীয়া স্নেকছ , পানীয় আৰু মিঠাজাতীয় আলট্ৰা প্ৰচেছড ফুড বিক্ৰী হয় ৷
অবেচিটী ৰোধ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশে আলট্ৰা প্ৰচেছড ফুডৰ প্ৰচলন বন্ধৰ বাবে বিভিন্ন পদক্ষেপ লৈছে ৷ ব্ৰিটেইনত নিশা ৯ বজালৈ টি ভিত বন্ধ আলট্ৰা প্ৰচেছড ফুডৰ বিজ্ঞাপণ ৷ নৰৱেতো আলট্ৰা প্ৰচেছড ফুডৰ মাৰ্কেটিঙৰ ওপৰত আৰোপ কৰা হৈছে প্ৰতিবন্ধকতা ৷
ইয়াৰ কাৰণ হৈছে , অধিকাংশ শিশু , কিশোৰ – কিশোৰীয়ে আলট্ৰা প্ৰচেছড ফুডৰ বিষয়ে প্ৰথমতে জানিবলৈ পায় বিজ্ঞাপণৰ জৰিয়তে ৷ তেওঁলোকৰ সন্মুখত এইধৰণৰ খাদ্যক চেলিব্ৰেটীৰ জৰিয়তে আকৰ্ষণীয় টেগলাইনৰ মাধ্যমত উৎকৃষ্ট খাদ্য হিচাপে উপস্থাপন কৰা হয় ৷ সেইবাবেই পশ্চিমৰ অধিকাংশ দেশেই আলট্ৰা প্ৰচেছড ফুডৰ প্ৰচলন বন্ধ কৰাৰ দিশত আগবাঢ়িছে ৷ বিজ্ঞাপণ বন্ধ কৰাৰ লগতে ফ্ৰন্ট পেক লেবেলিঙো বাধ্যতামূলক কৰিছে ৷ যাতে পেকেটৰ ভিতৰত থকা সামগ্ৰীত কিমান চৰ্বি , কিমান চেনি আৰু কিমান নিমখ আছে স্পষ্টকৈ উল্লেখ থাকে ৷
কিনাৰ আগত বটলত , পেকেটত থকা লেবেলখন পঢ়ক ৷ অত্যাধিক চৰ্বি , চেনি আৰু নিমখ দেখা পালে পৰিহাৰ কৰক ৷ আলট্ৰা প্ৰচেছড ফুড বৰ্জন কৰি নিজক মহামাৰীৰ পৰা বচাওক ৷ কিন্তু আলট্ৰা প্ৰচেছড ফুডৰ বিষয়ে জানিবলৈও আপুনি পঢ়াটো জৰুৰী ৷ অন্তত: সামগ্ৰীৰ পেকেটত থকা লেবেলখন ৷
মেক আছাম ৰীড এগেইন – ৷ 2
সাংবাদিক Arup Kalita ৰ লেখা