Barnaবৰ্ণ

Barnaবৰ্ণ অসমীয়া কিতাপৰ প্ৰকাশক -পৰিৱেশক আৰু বিক্ৰেতা ৷
যশোৱন্ত ৰোড ৷ পাণবজাৰ ৷ গুৱাহাটী ০০১
(1)

 #ষ্টিলৱেল_ৰোড #ৰাণু_বৰুৱা  400.00  Barnaবৰ্ণ 080110 14858  #বেদকণ্ঠ
26/08/2026

#ষ্টিলৱেল_ৰোড
#ৰাণু_বৰুৱা
400.00

Barnaবৰ্ণ
080110 14858
#বেদকণ্ঠ

 #কালজয়ী_উপন্যাস১৯৮৪ #নতুন_অনুবাদ #অনুবাদ #বিভূতি_গগৈPrice 350₹ #হোম_ডেলিভাৰী Barnaবৰ্ণ 080110 14858
07/08/2026

#কালজয়ী_উপন্যাস
১৯৮৪
#নতুন_অনুবাদ
#অনুবাদ
#বিভূতি_গগৈ
Price 350₹
#হোম_ডেলিভাৰী
Barnaবৰ্ণ
080110 14858

     price 550₹  Barnaবৰ্ণ 080110 14858
07/08/2026





price 550₹

Barnaবৰ্ণ
080110 14858

 #লক্ষ_সংকল্প_আৰু_সফলতা #দেৱেশ্বৰ_মালাকৰPrice 320₹ #হোম_ডেলিভাৰী Barnaবৰ্ণ 080110 14858
07/08/2026

#লক্ষ_সংকল্প_আৰু_সফলতা
#দেৱেশ্বৰ_মালাকৰ
Price 320₹
#হোম_ডেলিভাৰী
Barnaবৰ্ণ
080110 14858

    price 599₹  Barnaবৰ্ণ 8011014858
07/08/2026




price 599₹

Barnaবৰ্ণ
8011014858

 #নতুন_কিতাপ #আশালতা  #উপন্যাস #ৰত্না_দেৱীPrice 399₹  Barnaবৰ্ণ080110 14858
07/08/2026

#নতুন_কিতাপ
#আশালতা #উপন্যাস
#ৰত্না_দেৱী
Price 399₹

Barnaবৰ্ণ
080110 14858

 #মনোমোহা_সাধুৰ_জগত #চেঁকুৰি_ফুৰা_একুৰি_সাধুprice=475₹ price=450₹ #পৰাগ_কুমাৰ_ডেকা #হোম_ডেলিভাৰী Barnaবৰ্ণ 080110 14858
17/07/2026

#মনোমোহা_সাধুৰ_জগত
#চেঁকুৰি_ফুৰা_একুৰি_সাধু
price=475₹

price=450₹
#পৰাগ_কুমাৰ_ডেকা
#হোম_ডেলিভাৰী
Barnaবৰ্ণ
080110 14858

 #কিতাপ #গুৰুত্বপূৰ্ণ  #প্ৰণয়_পৰিণয়_পৰিয়াল #প্ৰসেনজিৎ_চৌধুৰীBarnaবৰ্ণ 8011014858  #পাণবজাৰ
17/07/2026

#কিতাপ
#গুৰুত্বপূৰ্ণ
#প্ৰণয়_পৰিণয়_পৰিয়াল

#প্ৰসেনজিৎ_চৌধুৰী
Barnaবৰ্ণ
8011014858
#পাণবজাৰ

 #বেছিকৈ_পঢ়ক #বেছিকৈ_কিনকBarnaবৰ্ণ   #মেক_আছাম_ৰীড_এগেইন    (২) পঢ়াৰ বাবে ধূপ- ধুনা জ্বলাই পঢ়া মেজত বহাৰ প্ৰয়োজন নাই ৷নি...
27/06/2026

#বেছিকৈ_পঢ়ক
#বেছিকৈ_কিনক
Barnaবৰ্ণ
#মেক_আছাম_ৰীড_এগেইন (২)

পঢ়াৰ বাবে ধূপ- ধুনা জ্বলাই পঢ়া মেজত বহাৰ প্ৰয়োজন নাই ৷

নিৰ্জন দুপৰীয়া খিৰিকীমুখত বহি পঢ়াৰ আমেজ লোৱাৰো দৰকাৰ নাই ৷

সময় পালে পঢ়িম বুলি বেগত কিতাপ কঢ়িয়াই ফুৰিবও নালাগে ৷

ৰাস্তাই ঘাটে পঢ়ক ৷ বজাৰে সমাৰে পঢ়ক ৷ কিনিবলৈ লোৱা পেকেটটোৰ , বটলটোৰ লেবেলখন সকলোতকৈ আগত পঢ়ক ৷

সমগ্ৰ ভাৰতক গ্ৰাস কৰি আনিছে এক নীৰৱ মহামাৰীয়ে ৷ এই মহামাৰীৰ পৰা নিজক বচাই ৰাখিবৰ বাবেই আপুনি পঢ়াটো জৰুৰী হৈ পৰিছে ৷ কিয় ? জানিবলৈ শেষলৈকে পঢ়িব ৷

২০২৬ৰ আৰম্ভনিতে প্ৰকাশ পাইছে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক সমীক্ষা ৷ এই সমীক্ষাত ভাৰতৰ স্বাস্থ্যখণ্ডৰ প্ৰধান প্ৰত্যাহ্বান হিচাপে চিহ্নিত কৰা হৈছে এবিধ বিশেষ মহামাৰীক ৷
ভাৰতৰ নতুন মহামাৰী – মেদবহুলতা অৰ্থাৎ অবেচিটী ৷

কি চহৰ , কি গাওঁ , কি পুৰুষ , কি মহিলা – সকলো ক্ৰমাৎ আক্ৰান্ত হৈছে এই মেদবহুলতাত ৷ মেদবহুলতাই দেশৰ জনতাৰ স্বাস্থ্য ভংগুৰ কৰি তোলাই নহয় , এখন বিশাল দেশক ৰোগাক্ৰান্ত কৰি তোলাৰ দিশত অগ্ৰসৰ হৈছে ৷

শেহতীয়া ৰাষ্ট্ৰীয় স্বাস্থ্য সমীক্ষা অনুসৰি - ভাৰতৰ ৩০.৭ শতাংশ মহিলা মেদবহুলতাত আক্ৰান্ত ৷ দেশৰ ২৭.৩ শতাংশ পুৰুষ মেদবহুলতাত আক্ৰান্ত ৷

এই মহামাৰীৰ পৰা বাদ পৰি যোৱা নাই শিশুসকলো ৷ ২০৩০ লৈ দেশৰ ২৭ মিলিয়ন শিশু আক্ৰান্ত হ’ব মেদবহুলতাত ৷

মেদবহুতাৰ বাবে ইতিমধ্যে ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে হৃদৰোগ , ডায়েবেটিছ , মানসিক সমস্যা আদি ৷ শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বিয়ে কেৱল স্বাস্থ্যৰেই ক্ষতি কৰা নহয় , অৰ্থনৈতিক অৱস্থাও সংকটৰ দিশে ঠেলি দিছে ৷ অৰ্থনৈতিক সমীক্ষাত তাৰ ওপৰতো আলোকপাত কৰা হৈছে ৷

কিয় ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে মেদবহুল লোকৰ সংখ্যা ? ইয়াৰ প্ৰধান কাৰণ হিচাপে অৰ্থনৈতিক সমীক্ষাত কেৱল এবিধ খাদ্য সামগ্ৰীৰ নাম উল্লেখ কৰা হৈছে ৷ সেয়া হৈছে - আলট্ৰা প্ৰচেছড ফুড ৷
আলট্ৰা প্ৰচেছড ফুডক অসমীয়াত কি বুলি কোৱা হয় , সেয়া সম্ভৱত: এতিয়াও নিৰ্ধাৰণ হোৱা নাই ৷ কিন্তু সহজ ভাষাত আলট্ৰা প্ৰচেছড ফুড হৈছে অত্যাধিক চৰ্বি , চেনি আৰু নিমখযুক্ত খাদ্য ৷ য’ত প্ৰ’টিন , ভিটামিন আৰু মিনাৰেল প্ৰায় নাথাকেই ৷

উদাহৰণস্বৰূপে , বজাৰত সততে পোৱা চিপছ , ক’ল্ডড্ৰিংছ , কেক , পেষ্ট্ৰী , চফট ড্ৰিংকছ , . ফ্ৰ’জেন মীট , ৰেডি মেড নুডলছ , বিভিন্ন প্ৰকাৰৰ ফ্লেকছ আদি আলট্ৰা প্ৰচেছড ফুডৰ অন্তৰ্ভুক্ত ৷

এই ধৰণৰ আলট্ৰা প্ৰচেছড ফুডৰ পয়োভৰ আমাৰ ঘৰবোৰত যিমানেই বাঢ়িছে সিমানেই মেদবহুলতাৰ মহামাৰীও দ্ৰুততাৰে বিয়পি পৰিছে ৷

২০০৯ ত ভাৰতত আলট্ৰা প্ৰচেছড ফুড বিক্ৰী হৈছিল ০.৯ বিলিয়ন ডলাৰৰ ৷ ২০১৯ ত দেশত আলট্ৰা প্ৰচেছড ফুড বিক্ৰী হৈছে ৩৮ বিলিয়ন ডলাৰৰ ৷ বিগত ১০ বছৰত ভাৰতত আলট্ৰা প্ৰচেছড ফুডৰ বিক্ৰী ১৫০ শতাংশ বৃদ্ধি ৷

তাৰ পৰিণাম দেখা গৈছে দেশবাসীৰ স্বাস্থ্যত ৷

২০০৫ ত ভাৰতৰ মেদবহুল মহিলাৰ সংখ্যা আছিল ১২.৬ শতাংশ ৷ ২০২৩ ত মেদবহুল মহিলাৰ সংখ্যা বাঢ়িল ৩০.৭ শতাংশলৈ ৷

একেদৰে , ২০০৫ ত দেশত মেদবহুল পুৰুষৰ সংখ্যা আছিল ৯.৩ শতাংশ ৷ ২০২৩ ত ভাৰতত মেদবহুল পুৰুষৰ সংখ্যা হ’ল ২৭.৩ শতাংশ ৷

তথ্যই প্ৰমাণ কৰি দিয়ে যে যিমানেই আলট্ৰা প্ৰচেছড ফুডৰ বিক্ৰী বাঢ়িছে , সিমানেই মেদবহুলতাও বাঢ়িছে ৷

আলট্ৰা প্ৰচেছড ফুডৰ পয়োভৰ ভাৰতৰ ৰুগ্ন স্বাস্থ্যৰ বাবে কিদৰে প্ৰত্যাহ্বান হৈ উঠিছে , তাৰ বিশদ আলোচনা কৰা হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ এক প্ৰতিবেদনত ৷এই প্ৰতিবেদন অনুসৰি , ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা আলট্ৰা প্ৰচেছড ফুড হৈছে ব্ৰেকফাষ্ট কেৰলছ ৷ তাৰ পাছতেই ৰেডি মেড ফুড , নিমখীয়া স্নেকছ , পানীয় আৰু মিঠাজাতীয় আলট্ৰা প্ৰচেছড ফুড বিক্ৰী হয় ৷

অবেচিটী ৰোধ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশে আলট্ৰা প্ৰচেছড ফুডৰ প্ৰচলন বন্ধৰ বাবে বিভিন্ন পদক্ষেপ লৈছে ৷ ব্ৰিটেইনত নিশা ৯ বজালৈ টি ভিত বন্ধ আলট্ৰা প্ৰচেছড ফুডৰ বিজ্ঞাপণ ৷ নৰৱেতো আলট্ৰা প্ৰচেছড ফুডৰ মাৰ্কেটিঙৰ ওপৰত আৰোপ কৰা হৈছে প্ৰতিবন্ধকতা ৷

ইয়াৰ কাৰণ হৈছে , অধিকাংশ শিশু , কিশোৰ – কিশোৰীয়ে আলট্ৰা প্ৰচেছড ফুডৰ বিষয়ে প্ৰথমতে জানিবলৈ পায় বিজ্ঞাপণৰ জৰিয়তে ৷ তেওঁলোকৰ সন্মুখত এইধৰণৰ খাদ্যক চেলিব্ৰেটীৰ জৰিয়তে আকৰ্ষণীয় টেগলাইনৰ মাধ্যমত উৎকৃষ্ট খাদ্য হিচাপে উপস্থাপন কৰা হয় ৷ সেইবাবেই পশ্চিমৰ অধিকাংশ দেশেই আলট্ৰা প্ৰচেছড ফুডৰ প্ৰচলন বন্ধ কৰাৰ দিশত আগবাঢ়িছে ৷ বিজ্ঞাপণ বন্ধ কৰাৰ লগতে ফ্ৰন্ট পেক লেবেলিঙো বাধ্যতামূলক কৰিছে ৷ যাতে পেকেটৰ ভিতৰত থকা সামগ্ৰীত কিমান চৰ্বি , কিমান চেনি আৰু কিমান নিমখ আছে স্পষ্টকৈ উল্লেখ থাকে ৷

কিনাৰ আগত বটলত , পেকেটত থকা লেবেলখন পঢ়ক ৷ অত্যাধিক চৰ্বি , চেনি আৰু নিমখ দেখা পালে পৰিহাৰ কৰক ৷ আলট্ৰা প্ৰচেছড ফুড বৰ্জন কৰি নিজক মহামাৰীৰ পৰা বচাওক ৷ কিন্তু আলট্ৰা প্ৰচেছড ফুডৰ বিষয়ে জানিবলৈও আপুনি পঢ়াটো জৰুৰী ৷ অন্তত: সামগ্ৰীৰ পেকেটত থকা লেবেলখন ৷

মেক আছাম ৰীড এগেইন – ৷ 2
সাংবাদিক Arup Kalita ৰ লেখা

 #বেছিকৈ_কিনক #বেছিকৈ_পঢ়কBarnaবৰ্ণ  #মেক_আছাম_ৰীড_এগেইন     (১) মেক আছাম ৰীড এগেইন –  শিৰোণামটো ধাৰ কৰিছো নিউয়ৰ্ক পাব্লি...
26/06/2026

#বেছিকৈ_কিনক
#বেছিকৈ_পঢ়ক
Barnaবৰ্ণ

#মেক_আছাম_ৰীড_এগেইন (১)

মেক আছাম ৰীড এগেইন – শিৰোণামটো ধাৰ কৰিছো নিউয়ৰ্ক পাব্লিক লাইব্ৰেৰীৰ মুখ্য গ্ৰন্থাগাৰিক ব্ৰেইন বেননৰ পৰা ৷ ইয়াৰ এটা বিশেষ কাৰণ আছে ৷ কাৰণটো জানিবলৈ শেষলৈ পঢ়িব ৷
জানুৱাৰী মাহৰ হাড় কঁপোৱা জাৰ ৷ নিউয়ৰ্ক পাব্লিক লাইব্ৰেৰীৰ মুখ্য গ্ৰন্থাগাৰিক ব্ৰেইন বেনন নিজৰ কৰ্মস্থলীলৈ ওলাল ৷ পথৰ কেঁকুৰিটো ঘূৰিয়েই তেওঁ এটা আচৰিত দৃশ্য দেখিলে ৷ বহু যুৱক যুৱতীয়ে শীতৰ সেই ৰাতিপুৱা শাৰী পাতিছে পথৰ কাষত ৷ পিন্ধনত উমাল জেকেট ৷ কান্ধত টোটে বেগ আৰু কানত ইয়েৰ ফোন ৷ বেননে প্ৰথমতে একো ধৰিবই পৰা নাছিল ৷ শেষত তেওঁ আৱিষ্কাৰ কৰিলে যে এই দীঘলীয়া শাৰী শেষ হৈছে নিউয়ৰ্ক পাব্লিক লাইব্ৰেৰীৰ দুৱাৰমুখত ৷ প্ৰথমবাৰৰ বাবে নিউয়ৰ্ক পাব্লিক লাইব্ৰেৰীত আয়োজন কৰা হৈছে এটা ‘ৰিডিং পাৰ্টী’ৰ ৷ শীতৰ পুৱাও তাত দেখা গ’ল বিৰ দি বাট নোপোৱা অৱস্থা ৷ সেই অভিজ্ঞতাৰ সোঁৱৰণিৰে ব্ৰেইন বেননে বিগত মে’মাহত নিউয়ৰ্ক টাইমছত লিখিছে এখন দীঘল ৰচনা ৷ শিৰোণাম – মেক আমেৰিকা ৰীড এগেইন ৷

বেননে নিজৰ অভিজ্ঞতাৰে ৰচনাখনত লিখিছে যে ১৯ শতিকাত আমেৰিকাৰ ৰাজহুৱা পুথিভৰালসমূহৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি উঠিছিল ৷ এই পুথিভৰালসমূহ আছিল সম্পূৰ্ণ বিনামূলীয়া ৷ কিন্তু যেতিয়াই গুগ’লে যিকোনো প্ৰশ্ন উত্তৰ দিব পৰা হ’ল , এটা ক্লিকত এমাজনে ঘৰতে কিতাপ উপলব্ধ কৰিব পৰা হ’ল , নিশাটোৰ ভিতৰতে সকলো সলনি হৈ গ’ল ৷ কোভিডৰ সময়ত লাইব্ৰেৰীৰ দুৱাৰ দীৰ্ঘকাললৈ বন্ধ হৈ থাকিল ৷ মানুহৰ পঢ়াৰ অভ্যাসো অনলাইনলৈ গতি কৰিবলৈ আৰম্ভ কৰিলে ৷ পঢ়াৰ অভ্যাসলৈ নামি অহা এই সংকটক বিশ্বৰ বহু দেশেই গুৰুত্বসহকাৰে লৈছে ৷

ডেনমাৰ্কে কিতাপৰ ওপৰত থকা সকলো কৰ প্ৰত্যাহাৰ কৰিছে ৷ আৰ্জেণ্টিনাইও ব্ৰেড , গাখীৰ আৰু দৰৱৰ সৈতে কিতাপক কৰমুক্ত কৰিছে ,২০১৬ চনৰ পৰা ইটালীত ১৮ বছৰৰ সকলো যুৱক- যুৱতীক ৫০০ ইউৰোৰ এখন ভাউচাৰ প্ৰদান কৰা হয় , যাৰ ৭০ শতাংশ কিতাপত ব্যয় কৰাটো বাধ্যতামূলক ৷ একেই ভাউচাৰ পলিচী হাতত লৈছে ফ্ৰান্স , জাৰ্মানী আৰু স্পেইনে ৷ বহু দুখবৰৰ মাজত বেননৰ ৰচনাখনত এটা আশাৰ খবৰো আছে ৷ সেয়া হ’ল – নিউয়ৰ্ক পাব্লিক লাইব্ৰেৰীত বিগত ১৫ বছৰৰ তুলনাত এইবাৰ ২৭ শতাংশ অধিক পঢ়ুৱৈয়ে কিতাপ ধাৰলৈ নিছে ৷

বেননৰ ৰচনাৰ আন কেইবাটাও দিশ আছে ৷ কিন্তু পোনপটীয়া সত্যটো হ’ল – বিশ্বজুৰি পঢ়াৰ অভ্যাস দ্ৰুত হাৰত কৰি আহিছে ৷ হাতৰ আখৰৰ দৰেই পঢ়াৰ অভ্যাসো নোহোৱা হৈ যাব নেকি – এই প্ৰশ্নও এতিয়া অবান্তৰ নহয় ৷ সামাজিক মাধ্যমৰ সৰ্বগ্ৰাসী আগ্ৰাসন , এ আই দ্ৰুততম বিকাশ – এইবোৰৰ মাজত কিতাপ বা আন যিকোনো বিষয়ক ধৈৰ্যৰে পঢ়ি চোৱাৰ সময় আৰু অভ্যাস বিলুপ্ত হৈ যোৱাৰ সম্ভাৱনাই অধিক ৷

ইয়াৰ পৰিণতি কি হ’ব পাৰে ?
স্বপ্নৰ বিলুপ্তি , প্ৰদৰ্শনৰ আসক্তি !
কল্পনা শক্তিৰ বিনাশ , সৃষ্টিশীলতাৰ বিপৰ্যয় !
মিথ্যাৰ দপদপনি , চিন্তাশক্তিৰ বিলয় !
ৰীলছ আৰু গেমছৰ সহজ অভ্যাসে মগজুক উত্তেজনা দিয়ে , আৰাম দিয়ে ৷ যি দেখুৱাই আছে , তাকেই বিশ্বাস কৰিবলৈ কয় ৷ আধুনিক বিশ্বত আধুনিক মানুহে তাকেই বিচাৰে ৷ সহজ কাম , সহজ উত্তৰ ,সহজ প্ৰতিক্ৰিয়া , সহজ প্ৰশংসা , সহজ নিন্দা ৷ সহজ নায়ক , সহজ খলনায়ক ৷ সহজ ভিউজ , সহজ প্ৰচাৰ , সহজ সফলতা ৷ চিন্তাৰ স্থান অথবা প্ৰয়োজন নাই ৷

সহজ উত্তেজনা , সহজ আৰামৰ সমানে মগজুক প্ৰয়োজন এক সহজ অনুশীলনৰো ৷ পঢ়ি চোৱা , ভাবি চোৱা , তেনেই এক সহজ কচৰৎ ৷ আজিৰ প্ৰতিকূল মুহূৰ্তত যদি এনে এটা অভিযান আৰম্ভ হয় , যাৰ শ্ল’গানেই হ’ব - মেক আছাম ৰীড এগেইন ৷

যদি প্ৰয়োজন আছে বুলি ভাবে , সহাঁৰি জনাওক ৷ পঢ়া বা লিখা কোনো এটা শ্ৰেণীৰ লোকৰ একচেটিয়া অধিকাৰ নহয় ৷ সকলোৱে পঢ়িব , সকলোৱে লিখিব ৷
সাংবাদিক Arup Kalita ৰ লেখা৷

Address

Jaswanta Road . Panbazar
Guwahati
781003

Alerts

Be the first to know and let us send you an email when Barnaবৰ্ণ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Barnaবৰ্ণ:

Shortcuts

Share

Category