kitaap.in

kitaap.in ONLINE BOOK STORE
MUNIMUM 10% DISCOUNT
FAST DELIVERY within 2 days
India Post, Speed Post, ASTC Courier

26/02/2023
26/02/2023

Paapu Leftybass দালৈ জন্মদিনৰ অযুত শুভকামনা।

প্ৰথম reviewমহাকাব্যৰ পৃষ্ঠাৰ এক অজানা কাহিনী  #বসুনন্দন #                  কংকণ শৰ্মা                     গুৱাহাটীঅতিসা...
29/01/2023

প্ৰথম review
মহাকাব্যৰ পৃষ্ঠাৰ এক অজানা কাহিনী #বসুনন্দন #

কংকণ শৰ্মা
গুৱাহাটী

অতিসাম্প্ৰতিক সাহিত্য জগতত এটি বহুল সমাদৃত বিষয় হিচাপে পৰিগণিত হৈছে, পৌৰাণিক চৰিত্ৰসমূহৰ (mythological characters) ওপৰত বিস্তৃত অধ্যয়ন তথা গৱেষণাৰ জড়িয়তে প্ৰামাণিক তথ্যসহকাৰে লিখা উপন্যাস সাহিত্য৷ অৱশ্যে পণ্ডিত ৰাহুল সংস্কৃতায়নৰ “ক্ৰম ভল্গা টু গংগা” শীৰ্ষক গ্ৰন্থতো এনেকুৱা বহুত ৰূপকথা হিচাপে ধাৰণা কৰা কথাৰ তথ্যসমৃদ্ধ বাস্তৱ বিৱৰণ আছে৷ সময়ে সময়ে এনেকুৱা প্ৰামাণিক তথ্যসমৃদ্ধ গ্ৰন্থ ৰচনা হৈ আহিছে যদিও ভাৰতীয় সমাজৰ ৰক্ষণশীলতা তথা অন্ধ ধৰ্মানুৰাগে এইবোৰ কথা প্ৰচাৰ আৰু প্ৰসাৰত বাধাৰ সৃষ্টি কৰি আহিছে৷ ফলশ্ৰুতিত, বিশ্বব্ৰহ্মাণ্ডৰ সমস্ত জ্ঞানৰ কেন্দ্ৰস্থল এই ভাৰতভূমিৰ সন্তানসকলে প্ৰকৃত জ্ঞানেৰে দীপ্ত হৈ উন্নতিৰ শিখৰত আৰোহণ কৰাৰ পৰিৱৰ্তে অন্ধবিশ্বাস আৰু কুসংস্কাৰাছন্ন হৈ কদাকাৰ জীৱন-যাপন কৰিবলগীয়া হৈছে৷ আনকি, সমাজৰ আদৰ্শ পুৰুষ (ৰাম, কৃষ্ণ আদিসকলক) সকলক অলৌকিকতাৰে বিধৌত কৰি তেওঁলোকৰ আদৰ্শ মানি চলাৰ পৰিৱৰ্তে কন্দলৰ বিষয়বস্তুত পৰিণত কৰাহে দেখা গৈছে৷ ইয়েই দেশৰ গৌৰৱময় অতীতক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰাৰ লগতে ভৱিষ্যতকো তিমিৰাচ্ছন্ন কৰি তুলিছে৷

বাৰু এইবোৰ এৰি আচল কথালৈ আহোঁ৷ পৌৰাণিক চৰিত্ৰসমূহৰ ওপৰত গৱেষণা কৰি প্ৰামাণিক তথ্যসমৃদ্ধ উপন্যাস ৰচনাৰে ভাৰতৰ সাহিত্যজগতত ছুনামিৰ সৃষ্টি কৰিবলৈ সৃষ্টি হোৱা লেখকজন হ’ল আমিষ ত্ৰিপাঠী৷ ভাৰতীয় সমাজৰ আৰাধ্য দেৱতা তিনিজনৰ এজন, মহাদেৱক লৈ তেখেতে ৰচনা কৰিছিল “শিৱা ত্ৰিল’জী” ( দ্য ইম্মৰটেলচ্ অৱ মেলুহা, ছিক্ৰেট অৱ নাগছ্ আৰু দ্য অ’থ অৱ বায়ুপুৰাছ৷ তিনিওখন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে শ্ৰদ্ধাৰ বিপুল দেউৰীয়ে৷)৷ তাৰোপৰি মহাকাব্য ৰামায়ণৰ তিনিটা মূখ্য চৰিত্ৰ ৰাৱণ, ৰাম আৰু সীতাক লৈও তেখেতে লিখি উলিয়াইছে ৰামায়ণ ত্ৰিল’জী৷ এই গ্ৰন্থসমূহত আমাৰ সমাজত অলৌকিক শক্তিৰে অৱতাৰী মানৱৰ আখ্যা পোৱা ঐতিহাসিক চৰিত্ৰসমূহৰ ওপৰত সুক্ষ্ম গৱেষণা চলাই লাভ কৰা তথ্যৰ সহায়ত কাহিনীবোৰ আগবঢ়াই নিয়া হৈছে৷ গ্ৰন্থসমূহ অধ্যয়ন কৰিলে আমাৰ দেশৰ অতীতৰ গৌৰৱগাথাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ ইতিহাস আদিৰ বিষয়েও সম্যক জ্ঞান লাভ কৰিব পাৰি৷

অসমীয়া ভাষাত এইধৰণৰ সাহিত্যৰ আৱিৰ্ভাৱ হোৱা বৰ বেছি দিন হোৱা নাই৷ পূজ্য লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা প্ৰমূখ্যে ভাষাৰ কাণ্ডাৰীসকলে মহাকাব্যৰ গৰিমা ম্লান নেপেলোৱাকৈ জনসাধাৰণৰ মাজত তাৰ অন্তৰ্নিহিত তত্ত্ববোৰ প্ৰচাৰ কৰিবলৈ যত্ন কৰিছিল৷ বিগত শতিকাৰ শেষৰফালে ৺লক্ষেশ্বৰ শৰ্মা (সুমিত্ৰা), ৺চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী) আদি সাহিত্যিকসকলে পৌৰাণিক চৰিত্ৰৰ ওপৰত কাম কৰিছিল যদিও, তেখেতসকলৰ লেখাত আমি জানি অহা কাহিনীবোৰৰ ওপৰতে অলপ দকৈ বিশ্লেষণ কৰি তথা তাত নিজস্ব শৈলীৰে কিছু সাহিত্যিক ৰস মিশ্ৰিত কৰি গ্ৰন্থবোৰ প্ৰণয়ন কৰিছিল৷ সেয়ে সেইবোৰ গ্ৰন্থ সাহিত্যিক গুণসম্পন্ন তথা বহুল সমাদৃত হ’লেও মই ওপৰত উল্লেখ কৰি অহা নব্য ধাৰাটোৰ অন্তৰ্ভুক্ত কৰিব বিচৰা নাই৷ এই শতিকাৰ প্ৰথম দুটা দশকতো এনেকুৱা বহুত গ্ৰন্থ ( বিদেহ নন্দিনী, যাজ্ঞসেনী আদি) প্ৰকাশ পাইছে৷ এইবোৰতো লেখকসকলে নিজস্ব দৃষ্টিৰে চৰিত্ৰসমূহৰ ওপৰত আলোকপাত কৰিছে যদিও এইবোৰ কিতাপতো চৰিত্ৰসমূহক পৌৰাণিক গণ্ডীতেই ৰখাতো দৃষ্টিগোচৰ হয়৷ এইখিনিতে এইটো কথাও উল্লেখ কৰাটো প্ৰয়োজন যে, ড° ৰীতা চৌধুৰীৰ “দেওলাংখুই”, অজয় চেতিয়াৰ “লুথুৰী” আদিৰ দৰে গ্ৰন্থকো আমি আলোচনা কৰিবলৈ ওলোৱা ধাৰাটোৰ অন্তৰ্ভুক্ত কৰা নাই৷ কাৰণ এইবোৰ গ্ৰন্থৰ বিষয়বস্তুৰো প্ৰত্যক্ষ প্ৰমাণ তথা ইয়াৰ চৰিত্ৰসমূহ সাধাৰণ মানুহৰ বাবেও ঐতিহাসিক বুলি জ্ঞাত৷ কিন্তু আমি আলোচনা কৰিবলৈ লোৱা ধাৰাটোৰ বিষয়বস্তু তথা চৰিত্ৰসমূহ সাধাৰণ লোকৰ দৃষ্টিত অলৌকিক তথা ঐশ্বৰিক গুণসম্পন্ন আৰু কাহিনীবোৰকো মানুহে ধৰ্মৰ লগত জড়িত কৰি লোৱাত, এইবোৰক প্ৰামাণিক ৰূপত উপস্থাপন কৰাটোও যথেষ্ট কঠিন হৈ পৰে৷ তাৰোপৰি এইবোৰ কাহিনীৰ বাবে তথ্য সংগ্ৰহ কৰাটোও এক দুৰূহ কাম হৈ পৰে৷ যিহেতু বহু হাজাৰ বছৰ আগতেই পৃথিৱীত সংঘটিত হোৱা ঘটনাক্ৰমৰ বিৱৰণ, আৰু যিহেতু পৃথিৱীয়ে ইতিমধ্যেই বহুতো বিপৰ্যয় আদিৰ মাজেৰে কাল অতিবাহিত কৰি অহাৰ ফলত পাৰিপাৰ্শ্বিকতাৰ বৃহৎ তফাৎ আহি পৰিছে, সেই গতিকে এইবোৰ কাহিনী ৰচনাৰ বাবে প্ৰয়োজনীয় অধ্যয়ন তথা অনুসন্ধানৰ ক্ষেত্ৰখনো বিশাল হৈ পৰে৷ তাৰোপৰি ঈশ্বৰৰ অংশজাত বুলি সৰ্বসাধাৰণে মানি অহা চৰিত্ৰসমূহ যে একো একোজন তেজ-মঙহৰে মানুহ, তাক প্ৰমাণ কৰিবলৈ সঠিক তথা শক্তিশালী যুক্তিনিষ্ঠ সাক্ষ্য ডাঙি ধৰিব পাৰিবই লাগিব৷ এনেবোৰ কাৰণতে পৌৰাণিক চৰিত্ৰসমূহক লৌকিক দৃষ্টিৰে উপস্থাপন কৰি গ্ৰন্থ প্ৰণয়নৰ কামটো এটা কঠিন প্ৰত্যাহ্বানৰ বিষয় হৈ পৰে৷

অসমীয়া ভাষাত পৌৰাণিক চৰিত্ৰক লৌকিক দৃষ্টিকোণেৰে বিচাৰ কৰি সাহিত্য সৃষ্টি কৰাৰ বোধহয় প্ৰথম প্ৰয়াস কৰিছিল নগাঁও কলেজৰ অধ্যক্ষ, বিশিষ্ট চিন্তাবিদ, লেখক ড° খৰ্গেশ্বৰ ভূঞা Khargeswar Bhuyan ছাৰে৷ জনপ্ৰিয় বাৰ্তালোচনী “প্ৰান্তিক”ৰ পাতত তেখেতে লিখি গৈছিল এই ধাৰাৰ উপন্যাসসমূহ; “কৃষ্ণবিষ্ণোবাসুদেৱঃ”, “যথা ধৰ্ম তথা বিজয়” ইত্যাদি৷ প্ৰান্তিকৰ নিয়মীয়া পঢ়ুৱৈসকলৰ নিশ্চয় এই উপন্যাসবোৰৰ কথা মনত আছে৷ আনকি কৃষ্ণক সম্পূৰ্ণ মনুষ্যৰূপত উপস্থাপন কৰাই তেখেতে বিভিন্নজনৰ প্ৰশ্নৰ উত্তৰ দিবলগীয়াও হৈছিল৷ তেনেকুৱা এটি প্ৰশ্নৰ উত্তৰত ছাৰে বিনম্ৰভাবে কৈছিল, “সাধাৰণতে আন সাধাৰণ মানুহৰ গাত দেখিবলৈ নোপোৱা কিছুমান অসাধাৰণ গুণযুক্ত মানুহৰ ওপৰত অলৌকিক ক্ষমতা থকা বুলি মানি লোৱা হয়৷ কৃষ্ণৰ গাতো তেনেকুৱা কিছুমান গুণ আছিল, যাৰ বাবে তেওঁৰ ওপৰতে ঈশ্বৰত্ব আৰোপ কৰা হ’ল৷ গোৱৰ্ধন পৰ্বতত বহুতো সাপ আদি থকাটো একো ডাঙৰ কথা নহয়৷ হয়তো কৃষ্ণই তেনেকুৱা ডাঙৰ সাপ এটা বুদ্ধিৰে মাৰিছিল, যিটো ঘটনাক সাধাৰণ ৰাইজে ঐশ্বৰিক শক্তিৰ প্ৰভাৱত সম্পন্ন কৰা বুলি অভিহিত কৰিছিল৷”... এইবোৰৰ উপৰিও কুৰুক্ষেত্ৰ সমৰত শ্ৰীকৃষ্ণৰ কপট কুটনৈতিক কৌশল আদিৰ বৰ্ণনা, বিভিন্ন ঐশ্বৰিক কাৰ্য্য হিচাপে মানি অহা পৰিঘটনাৰ যুক্তিপূৰ্ণ লৌকিক বাখ্যা, আদিৰে ড° ভূঞা ছাৰে সাৱলীলভাৱে তথা সাহসিকতাৰে এই ধাৰাটো আগবঢ়াই নিছিল আৰু অদ্যাপি তেখেতে সেই কামটো কৰি আছে৷

কিন্তু এইধৰণৰ সাহিত্য চয়নত হঠাতেই বিশেষভাৱে উজলি উঠিল এজন যুৱ ঔপন্যাসিক ধ্ৰুৱজ্যোতি অৰ্জুনা৷ হঠাতেই বুলি এইকাৰণেই ক’লোঁ যে, ধ্ৰুৱ দা’ৰ নিজৰ ভাষাতেই তেখেত এজন “লকডাউনসৃষ্ট” লেখকহে মাথোঁঁ৷ আমিষ ত্ৰিপাঠীক আদৰ্শ হিচাপে লৈ ধ্ৰুৱ দা’ই আৰম্ভ কৰিছিল মহৰ্ষি কৃষ্ণ দ্বৈপায়ন ব্যাস বিৰচিত মহাকাব্য মহাভাৰত (জয়সংহিতা)ৰ ওপৰত এক গৱেষণামূলক অধ্যয়ন৷ অধ্যয়নৰ আঁত ধৰি তেখেতে পৌৰাণিক ধৰ্মগ্ৰন্থ হিচাপে পৰিচিত মহাভাৰতৰ বিষয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা প্ৰামাণিক তথ্যব সহায়ত ২০২১ চনত ৰচনা কৰিছিল “সৌবলপুত্ৰ” উপন্যাস৷ “সৌবলপুত্ৰ” ত্ৰিল’জীৰ প্ৰথম গ্ৰন্থখনত তেখেতে সন্নিবিষ্ট কৰিছে ভাৰতীয় লোকৰ চকুত সবাতোকৈ ঘৃণনীয় খলনায়ক হিচাপে পৰিচিত মহাদ্যুতকৰ শকুনিৰ হৃদয়স্পৰ্শী আত্মগাঁথা৷ গ্ৰন্থখনত সন্নিবিষ্ট হৈছে সনাতনী শাস্ত্ৰ ঋগবেদৰ পৰা আৰম্ভ কৰি পাৰ্ছী শাস্ত্ৰ “এভেষ্টা”ৰ ওপৰত বিশদভাৱে অধ্যয়ন কৰি প্ৰলুব্ধ প্ৰামাণিক তথ্য; প্ৰাচীন জম্বুদ্বীপ (ভাৰত)কে ধৰি চুবুৰীয়া এৰিচীয় সভ্যতাৰ বিভিন্ন অজানা কথাৰ যুক্তিনিষ্ঠ বাখ্যা তথা বহুতো জনগোষ্ঠীৰ ইতিহাস৷ সকলোৰে পৰিচিত মহাধূৰ্ত, দুৰ্বিনীত শকুনিৰ কপটালিৰ অন্তৰালত কিমান বেদনা তথা মহত্ত্ব লুকাই আছিল, সেয়াই “সৌবলপুত্ৰ”ৰ মূল উপজীৱ্য৷ সৌবলপুত্ৰ ত্ৰিল’জীৰ প্ৰথমখন গ্ৰন্থ “সৌবলপুত্ৰ”ত আমাৰ চিৰপৰিচিত মহাভাৰতৰ কাহিনীটোৰ লগতে শকুনিকো পাঠকে এটি সম্পূৰ্ণ নতুন ৰূপত (যিটো ৰূপ কৃষ্ণ দ্বৈপায়নে জয়সংহিতাত অংকণ কৰিছিল) আৱিষ্কাৰ কৰিব৷

ইমানখিনি বকলা মেলি মই আপোনালোকক এতিয়াহে মূল আলোচ্য বিষয়লৈ লৈ আহিম৷ হয়, মোৰ আলোচনাৰ মূখ্য বিষয় হৈছে “সৌবলপুত্ৰ ত্ৰিল’জী”ৰ দ্বিতীয়খন গ্ৰন্থ “বসুনন্দন”হে৷ শ্ৰীকৃষ্ণ মোৰ প্ৰিয় ব্যক্তিসকলৰ এজন৷ কোৱা বাহুল্য যে ব্যাসদেৱকৃত মহাভাৰতত শ্ৰীকৃষ্ণক এজন মানুহৰূপতেই বৰ্ণনা কৰা হৈছে৷ তাৰ পাছৰ প্ৰক্ষিপ্তসমূহতহে (বিশেষকৈ উগ্ৰস্ৰৱা সৌতিৰ প্ৰক্ষিপ্ত, যিখন মহাভাৰতৰ কাহিনী আমি সৰ্বসাধাৰণে জানো) শ্ৰীকৃষ্ণৰ ওপৰত অলৌকিকতাৰ প্ৰলেপ সানি তেখেতক এজন ঈশ্বৰৰ ৰূপ দিয়া হ’ল৷ পদ্মনাথ গোহাঞিবৰুৱায়ো তেখেতৰ “শ্ৰীকৃষ্ণ” গ্ৰন্থত কৃষ্ণক “ধৰ্মৰ আধাৰ, অসাধাৰণ কুটনীতিজ্ঞ, বিচক্ষণ ৰাজনীতিজ্ঞ, অসাধাৰণ বাকপটু, দূৰদৰ্শী, প্ৰত্যুৎপন্নমতিতাৰ, দাৰ্শনিক পণ্ডিত” বুলি অভিহিত কৰি গৈছে৷ এইবোৰ কাৰণতেই শ্ৰীকৃষ্ণক ভগৱানৰ সলনি মোৰ এজন আদৰ্শ গুৰু হিচাপেই তেখেতৰ নীতি অনুসৰণ কৰি আহিছিলোঁ বুজন হোৱাৰ পৰাই৷ “বসুনন্দন”ৰ বিষয়বস্তুও, এজন সহজ-সৰল গোপবালক “কানাই”ৰ কিদৰে কুটনীতিৰ মেৰপাকত পৰি ৰাজনীতিৰ বঘ্না হাতত লৈ কিদৰে “যুগপুৰুষ” শ্ৰীকৃষ্ণলৈ উত্তৰণ ঘটিছিল, তাকেই হোৱাত আৰু লগতে ইয়াৰ আধাৰ দ্বৈপায়ন ব্যাসৰ মহাভাৰত বুলি আভাস পোৱাত, লগে লগেই সংগ্ৰহ কৰি এসপ্তাহতেই পঢ়ি শেষ কৰিছিলোঁ৷

“বসুনন্দন”ৰ কাহিনীটো কৃষ্ণক কেন্দ্ৰ কৰিয়েই ঘূৰিছে যদিও ইয়াত কেৱল কৃষ্ণকেই প্ৰাধান্য দিয়া হোৱা নাই৷ বৰং সেইসময়ৰ জম্বুদ্বীপ আৰু আন আন সভ্যতাসমূহৰো ৰাজনৈতিক বাতাবৰণৰ ওপৰত লেখকে মনপৰশা ভাষাৰে আলোকপাত কৰিছে৷ দশৰাজন যুদ্ধৰ অন্তত শৈবালিক আৰু বিষ্ণয় শক্তিৰ মাজত চলা ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিৰ ফলত জম্বুদ্বীপত যি ৰাজনৈতিক অস্থিৰতাই দেখা দিছিল, তাৰেই সুযোগত নিজকে জম্বুদ্বীপৰ হৰ্তাকৰ্তা বিধাতা হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ উঠি-পৰি লাগিছিল এমুঠিমান স্বাৰ্থন্বেষী মানুহ৷ “মহাদেৱ” আসনত উপবিষ্ট হৈ শৈবালিক নেতা ৰুদ্ৰই পাশুপত ক্ষেপণাস্ত্ৰৰে ধ্বংস কৰি পেলাইছিল বিষ্ণয় প্ৰদেশ ত্ৰিপুৰ৷ ( ভৰতমুনিৰ নাট্যশাস্ত্ৰতো “ত্ৰিপুৰ দাহ” নাটকৰ উল্লেখ আছে৷ এইখন হৈছে পৃথিৱীত অভিনীত তৃতীয়খন নাটক৷) ত্ৰিপুৰৰ আচাৰ্য্য অৰিহন্তৰ প্ৰত্যুৎপন্নমতিতাত কেইটিমান শিশু কথমপি ৰক্ষা পৰিছিল, যিসকলে পাছত শৈবালিক শক্তিৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল৷ এই ক্ষুদ্ৰ বসুশক্তিয়েই বসুপ্ৰধানৰ নেতৃত্বত চৰম কুটনীতিৰ জড়িয়তে এখন এখনকৈ শৈবালিক প্ৰদেশত বিষ্ণয় শক্তিৰ প্ৰাধান্য বিস্তাৰ কৰিছিল৷ বসুসকলৰ কুটনীতিৰ প্ৰভাৱতেই থানবান হৈছিল ইক্ষ্বাকু বংশ৷ মহাৰাজ কংসৰ মথুৰাৰ গকুল অঞ্চলক অভিকেন্দ্ৰ হিচাপে লৈ গোপনে গঢ়ি তুলিছিল “অভিৰা” যোদ্ধা বাহিনী৷ কুটনীতিৰ জড়িয়তেই হস্তিনাপুৰ মহাজনপদৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰি সেনাধ্যক্ষ মহাবীৰ ভীষ্মৰ লগতে কুমাৰ পাণ্ডু আৰু অমাত্য বিদূৰকো নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল৷ সাৰি যোৱা নাছিল আচাৰ্য্য দ্ৰোণ, দ্ৰুপদ আদিৰ দৰে মহাবীৰ যোদ্ধাসকলো৷ নিজৰ উদ্দেশ্য পূৰণৰ বাবে কপট কৌশল তথা প্ৰয়োজনত অতি নিকৃষ্ট অমানৱীয় পন্থা গ্ৰহণ কৰিবলৈকো কুন্ঠাবোধ কৰা নাছিল বসুপ্ৰধানে৷ প্ৰতিশোধ আৰু ক্ষমতালিপ্সাই মানুহক কিমান ঘৃণনীয় স্তৰলৈ নমাব পাৰে, তাৰেই এক দলিল এই “বসুনন্দন”৷

বসুপ্ৰধানৰ এনেকুৱা ঘৃণনীয় কুটনীতিৰ বলি হৈছিল গকুলৰ কানাই আৰু মাধৱী৷ কানাইৰ পিতৃ ক্ষমতালোভী অভিদুন্দুভিক প্ৰলোভিত কৰি কানাইক লৈ অহা হৈছিল মাতৃ দেৱকীৰ বুকুৰ মাজৰ পৰা৷ নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেই সৰলমনা কানাইক গঢ়ি তোলা হৈছিল এজন ৰক্তপিপাসু যোদ্ধাৰূপে৷ তাৰবাবে কানাই আৰু বলৰামৰ দেহত প্ৰয়োগ কৰা হৈছিল প্ৰযুক্তিৰে তৈয়াৰ কৰা ৰসায়ন৷ কানাইৰ অন্তৰত সিঁচি দিয়া হৈছিল আজলী প্ৰেয়সী মাধৱীৰ প্ৰতি তীব্ৰ ঘৃণাৰ বীজ৷ প্ৰেয়সীৰ প্ৰতাৰণাৰ এক মনেসজা কাহিনী শুনাই৷ উচ্চ প্ৰযুক্তিৰে সৃষ্ট ৰসায়নৰ বলত তথা প্ৰেয়সীৰ প্ৰতি তীব্ৰ ঘৃণাত কানাই হৈ পৰিছিল এজন আগ্ৰাসী যোদ্ধা৷ কানাইৰ উত্তৰণ ঘটিছিল মহাতেজস্বী, যুগনায়ক শ্ৰীকৃষ্ণলৈ৷ মাধৱীৰ নাম শুনিলেই বা ক্ষমতাৰ কথা অৱগত হ’লেই নৃশংস হৈ পৰিছিল কৃষ্ণ৷ আনকি কেৱল ক্ষমতাৰ খাতিৰতেই কৃষ্ণই হৰণ কৰি বিবাহ কৰাইছিল কুণ্ ডিল কুমাৰী ৰুক্মিণীক৷ প্ৰেমৰ অভিনয় কৰিছিল মাথোঁ ৰুক্মিণীৰ স’তে৷ অথচ সৰ্বসত্তাত বৈ আছিল মাধৱীৰ প্ৰতি থকা চৰম ঘৃণা৷ ৰুক্মিণী মাথোঁ ঘৃণাৰ জুইত জাহ যোৱা এচলা কাঠখৰিহে আছিল৷ কিন্তু ক্ষমতাৰ বাবে উগ্ৰৰ পৰা উগ্ৰতৰ হৈ পৰা কৃষ্ণৰ পৰাক্ৰমক জম্বুদ্বীপৰ কল্যাণৰ হকে প্ৰয়োগ কৰিবলৈ তৎপৰ হৈ পৰিল জ্যেষ্ঠ ভাতৃ বলৰাম আৰু তেওঁৰ পত্নী ৰেৱতী৷ ৰুক্মিণীক বুজাই-বঢ়াই অৱশেষত সৈমান কৰিলে কৃষ্ণক প্ৰেমেৰে পুনৰ সৰল কানাইৰ ৰূপলৈ ঘূৰাই আনিবলৈ৷ তাৰপাছত? তাৰপাছত কি হ’ল, সেয়া জানিবলৈ আমি বাট চাব লাগিব সৌবলপুত্ৰ ত্ৰয়োবৃত্তৰ অন্তিমখন গ্ৰন্থ “কিন-নৰ্” লৈ৷

“বসুনন্দন” গ্ৰন্থখনৰ কাহিনীভাগে আমাক আমাৰ প্ৰাচীন ভাৰতীয় সভ্যতাৰ বহু কথাই জানিবলৈ দিয়ে৷ আজি হলিউডৰ চলচ্চিত্ৰত দেখা “আইৰণ মেন”, “ছুপাৰমেন” আদি কল্পকাহিনী হ’লেও, সেইবোৰ প্ৰযুক্তি জম্বুদ্বীপত সুদূৰ মহাকাব্যিক যুগতেই বৰ্তমান আছিল৷ তাৰোপৰি লেখকে অস্ত্ৰ-শস্ত্ৰাদিৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰিছে৷ বিশ্বকৰ্মা হৰ্ষই নিৰ্মান কৰা উচ্চ ক্ষমতাপন্ন বিজয় ধনুষ, বিশ্বকৰ্মা ষ্টত্বই তৰংগ, পোহৰ আদি বিভিন্ন তত্ত্ব প্ৰয়োগ কৰি নিৰ্মাণ কৰা বিশ্বৰ সবাতোকৈ বিধ্বংসী অস্ত্ৰ সুদৰ্শন চক্ৰ, ব্ৰহ্মশিৰা, পাশুপত আদি ক্ষেপণাস্ত্ৰ আদিৰো সুন্দৰ বৰ্ণনা আছে৷ ৰাজনীতিৰ জটিল মেৰপাকবোৰ প্ৰাঞ্জল ভাষাৰে মনোগ্ৰাহীকৈ বৰ্ণনা কৰা হৈছে বসুনন্দনত৷ গ্ৰন্থখনৰ আটাইতকৈ হৃদয়স্পৰ্শী দিশটো হ’ল, কানাই-মাধৱীৰ প্ৰেম-বিৰহৰ নিকৰুণ বৰ্ণনা৷ কৃষ্ণৰ মনোবেদনাই প্ৰতিজন পাঠকৰে চকু সেমেকাই তুলিব যে সেইটো নিশ্চিত৷ এফালে মাধৱীৰ প্ৰতাৰণাৰ প্ৰতিশোধ ল’বলৈ ৰুক্মিণীৰ লগত প্ৰেম, আনফালে ৰুক্মিণীক অন্তৰেৰে গ্ৰহণ কৰিব নোৱাৰি হোৱা তীব্ৰ অন্তৰ্দাহ; আস্! বিচ্ছেদিত এজন প্ৰেমিকেহে উপলব্ধি কৰিব পাৰে এই তীব্ৰ মানসিক যন্ত্ৰণাৰ আচল জ্বালা৷

আন এটা কথা উল্লেখ কৰাটো ভাল হ’ব৷ এই গ্ৰন্থখন ব্যাস প্ৰণীত মহাভাৰত আধাৰিত৷ এইখন গ্ৰন্থত (ত্ৰিল’জীৰ কেউখনতেই) আছে তদানীন্তন জম্বুদ্বীপৰ তথা চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ জনগোষ্ঠীসমূহৰ ইতিবৃত্ত৷ অশ্বমুখসকল, তুষাৰসকল, অগ্নিকুল (বৰ্তমানৰ পাৰ্ছীসকল), গড়ুৰসকল আদি জনগোষ্ঠীৰ বিৱৰণো ইয়াত সুন্দৰকৈ আগবঢ়োৱা হৈছে৷ গড়ুৰ আমি সকলোৱে পক্ষী বুলিয়েই জানো যদিও ই প্ৰকৃততে এটা যাযাবৰ যোদ্ধা তথা প্ৰযুক্তিগতভাৱে আগবঢ়া জনগোষ্ঠী৷ এওঁলোক উৰণ বিজ্ঞানৰ বিশেষজ্ঞ আছিল৷ দীঘল দীঘল ঢালত ক্ষুদ্ৰ উৰণযন্ত্ৰ সংযোগ কৰি এওঁলোকে চৰাইৰ দৰে আকাশত উৰি উৰি যুদ্ধ কৰিছিল৷ এওঁলোকেই আছিল মহান ৰাঘৱৰ (ৰাম) অতি বিশ্বাসী সুৰক্ষাবাহিনী৷ একেই উৰণযন্ত্ৰ ব্যৱহাৰ কৰি যাতায়ত কৰিছিল মহাপ্ৰতাপী গন্ধৰ্বসকলেও৷

মুঠতে ধ্ৰুৱজ্যোতি অৰ্জুনা দা’ৰ “সৌবলপুত্ৰ ত্ৰিল’জী”য়ে মহাভাৰতৰ যুগৰ ৰাজনৈতিক তথা অন্যান্য দিশবোৰৰ বিষয়ে প্ৰকৃত সত্যবোৰ ডাঙি ধৰি আমাৰ প্ৰাচীন গৌৰৱগাথা উন্মোচিত কৰি দিলে৷ প্ৰতিটো যুগতেই জগতত সেই একেই ৰাজনীতিৰ পাশাখেল চলি আহিছে৷ ক্ষমতাৰ লোভত, প্ৰতিশোধৰ অগনিত জাহ গৈছে মনুষ্যত্ব৷ ধ্ৰুৱ দা’ৰ গ্ৰন্থখনৰ এটি বিশেষ বিশেষত্বই মোক মোহিত কৰিলে৷ সেয়া হৈছে, গ্ৰন্থখনৰ আৰম্ভণি আৰু সামৰণি৷ আৰম্ভণি ইমান কৌশলী যে পাঠকে প্ৰস্তাৱনা পঢ়িয়েই ভোকাতুৰ হৈ পৰিব কাহিনীটো গিলিবলৈ৷ সামৰণিও অনুৰূপধৰণে পাঠকৰ তীব্ৰ অনুসন্ধিৎসা ৰাখি শেষ কৰিছে৷ সুন্দৰ অন্তৰপৰশা সংলাপ আদিৰে এই উপভোগ্য কিতাপখন পাঠকক উপহাৰ দিয়াই ধ্ৰুৱ দা’ৰ শলাগ ল’বই লাগিব৷ সমানেই শলাগৰ পাত্ৰী সম্পাদনাৰ সৈতে জড়িত জুপিতৰা ফুকনো৷ যি নহওক, ভুলেশুদ্ধই এসোপামান লিখি এটি থুলমুল পৰ্যালোচনা আগবঢ়াবলৈ চেষ্টা কৰিলোঁ৷ ভুল হ’লে ক্ষমা কৰিব৷ সদৌটিলৈ নমস্কাৰ৷🙏

কিতাপখন যদি এতিয়াও আপোনালোকে সংগ্ৰহ কৰা নাই তেন্তে তলৰ লিংকটোত গৈ সংগ্ৰহ কৰিব পাৰিব

https://kitaap.in/product-details/basunandan

"বসুনন্দন"ৰ অগ্ৰিম বুকিং হৈ আছে।অগ্ৰিম বুকিং কৰা সকলৰ মাজৰ এজনে লাভ কৰিব এটা আকৰ্ষণীয় পুৰস্কাৰ🎉এতিয়াই তলৰ লিংকটোত গৈ বুক...
15/12/2022

"বসুনন্দন"ৰ অগ্ৰিম বুকিং হৈ আছে।
অগ্ৰিম বুকিং কৰা সকলৰ মাজৰ এজনে লাভ কৰিব এটা আকৰ্ষণীয় পুৰস্কাৰ🎉
এতিয়াই তলৰ লিংকটোত গৈ বুকিং কৰক।
(20 তাৰিখৰ আগতে বুকিং কৰা সকলৰ বাবেহে এই অফাৰ প্ৰযোজ্য)
https://kitaap.in/product-details/basunandan
Dhruba Jyoti Arjuna
Dhruba Jyoti Arjuna

Coming soon....
22/11/2022

Coming soon....

সামাজিক ঘটনা-পৰিঘটনাৰ ওপৰত ৰচিত এখন নতুন উপন্যাস "জতুগৃহ"উপন্যাসখন কিনিব বিছাৰিলে তলৰ লিংকত গৈ অর্ডাৰ কৰিব পাৰে৷https://...
14/10/2022

সামাজিক ঘটনা-পৰিঘটনাৰ ওপৰত ৰচিত এখন নতুন উপন্যাস "জতুগৃহ"
উপন্যাসখন কিনিব বিছাৰিলে তলৰ লিংকত গৈ অর্ডাৰ কৰিব পাৰে৷
https://kitaap.in/product-details/jatugriha
Leena Sarmah
Jyoti Prakashan

Jatugriha (জতুগৃহ)

Address

Jasawanta Road
Guwahati
781001

Alerts

Be the first to know and let us send you an email when kitaap.in posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category