10/09/2020
#অাপোনাৰ_অাস্হা_অাৰু_অামাৰ_বিশ্বাস # মুলমন্ৰ উচ্চাৰিতৰে অনন্য মাজুলী ৰ বাৰেৰহণীয়া সম্ভাৰৰ ভঁড়ালঘৰ ।
মাজুলীৰ মহিলা অাত্ম সহায়ক গোট ৰ মহিলা সকলে নিজ হাতে তৈয়াৰ কৰা বাৰেৰহনীয়া সামগ্ৰীৰ সম্ভাৰ এই বিপনী ত উপলব্ধ।
এই বিপনী অাৰম্ভ হৈছে মাজুলী ঐতিহ্য তথা চিনাকী , প্ৰকৃতিৰ ৰম্যভূমি , চিনাকী পক্ষীৰ বিচৰন ভূমি দৰিয়াপাৰত । বিপনীখনৰ অাৰম্ভ কৰিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, মাজুলীৰ উদ্যোগত মাজুলী উন্নয়ণ খণ্ডৰ কমলাবাৰী পঞ্চায়তৰ অধীনৰ মনিকাঞ্চন গ্ৰাম্য সংগঠনে । এই গ্ৰাম্য সংগঠনটিয়ে পুৰ্বেও বহু সৃষ্টিশীল কৰ্মৰাজিৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।
অসম_ৰাজ্যিক_গ্ৰামীণ_জীৱিকা_অভিযানৰ বেন্ড #অসমীৰ অধীনত মাজুলী নামত সামগ্ৰী সমুহ নামংকিত কৰা হ'ব । গতিকে নিশ্চতকৈ এই বিপনীৰ যোগেদি গাঁৱৰ মহিলাসকলে অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিব পাৰিব ।
*প্ৰক্ৰিয়া* :
১/ এই বিপনীৰ জৰিয়তে মাজুলীৰ বিভিন্ন উৎপাদিত সামগ্ৰী সমুহক বিক্ৰীৰ বাবে এখন উপযুক্ত মঞ্চ প্ৰদান কৰা হ'ব ।
২/ এই বিপনীৰ জৰিয়তে শিপিনী তথা সৃষ্টিশীল কৰ্মৰাজিৰ লগত জড়িত মহিলাসকলক উৎসাহ প্ৰদান কৰা হ'ব ।
৩/ বিপনীৰ দায়িত্বত থকা মনিকঞ্চান গ্ৰাম্য সংগঠনৰ যোগেদি গ্ৰাম্য সমাজত অৰ্থনৈতিক তথা সামাজিক বিপ্লৱ গঢ়ি উঠিব ।
গতিকে সকলো এবাৰ অাহক মাজুলী দৰিয়াপাৰলৈ অাৰু উপভোগ কৰক প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যৰ লগতে মহিলা অাত্ম সহায়ক গোটৰ বিপনী। অামি অাশাৰে অাপোনালোকলৈ বাদ চাই অাছো ।